Moral Stories সূখ বিচাৰি
প্ৰিয় পাঠক সকল আজিৰ যোগটো হৈছে online যোগ আজিৰ যোগত সকলোয়ে online ত গল্পয়ে হক বা চুটি গল্প বা Short Stories , Moral Stories পঢ়ি ভাল পোৱা সকলে বিচাৰি থাকে পঢ়াৰ কাৰনে আপোনাৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি এই Ashiqen.com site টোত ভাল ভাল , হাহিঁ মজাৰে ভৰপুৰ চুটি গল্প যোগাৰ কৰো ৷ তাৰ লগতে Shayari, Love Tips, WhatsApp Status, Wallpaper , পোৱাৰ কাৰণে আমাৰ এই site অন্য page কেইটাও Visit কৰক ৷
আজিৰ কাহিনীটো হৈছে এজন মানুহৰ সুখ বিচাৰি ফুঁৰাৰ ৷
Moral Stories সূখ বিচাৰি
Moral Stories -সূখ বিচাৰি
এহাল স্বামী-স্ত্ৰীৰ সংসাৰত নিতৌ ভীষণ কাজিয়া-পেচাল চলিছিল ৷ সেই তিৰোতাজনী আছিল অত্যন্ত দন্দুৰী , ঘৰখনত স্বামীক তাই কোনো দিনেই সুখেৰে থাকিব নিদিছিল ৷
Moral Stories সূখ বিচাৰি
তাকে লৈ স্বামীৰ মনত অত্যন্ত দুঃখ ৷ উপায়ন্তৰ নেদেখি সেই মানুহজনে অকণ সুখ-শান্তি বিচাৰি ক’ৰবালৈ গুচি যোৱাৰ সিদ্ধান্ত ল’লে ৷ সেই উদ্দেশ্যে তে এদিন কিছু টকা-পইচা আৰু চোলা-কাপোৰৰ টোপোলা এটা হাতত লৈ বেজাৰ মনেৰে ঘৰৰ পৰা ওলাই গ’ল ৷
গৈ থাকোঁতে বাটত মানুহজনৰ মোল্লাৰ লগত দেখা হ’ল ৷ দুয়োজনৰে মাজত চা-চিনাকিও আছিল ৷ মানুহজনৰ মনত বেজাৰুৱা ভাব দেখি মোল্লাই তেওঁক সুধিলে -‘কিহে ভাই , ইমান দুঃখ মনেৰে ক’লৈ যোৱা ? কি হৈছে তোমাৰ ? ‘
তেতিয়া মানুহজনে তেঁওৰ দুঃখৰ কথা খুলি ক’লে- ‘মোল্লা ভাই! মোৰ দুঃখৰ কথানো আৰু কি ক’ম ! ঘৈণীজনীৰ কাৰণেই মোৰ জীৱনটো একেবাৰে বিষময় হৈ পৰিছে ৷ হাতত টকা-পইছা থাকিও কোনো সুখ-শান্তি নাই ৷ সেয়ে দেশে দেশে ঘূৰি ফুৰিবলৈ ওলাইছোঁ ৷ য’তেই অকণ সুখ-শান্তি বিচাৰি পাওঁ, তাতেই থাকিমগৈ ৷’
এইবুলি মানুহজনে বাটৰ কাষৰ গছ এজোপাৰ তলত বহি পৰিল ৷ কাষত থ’লে তেঁওৰ টকা-পইছা আৰু চোলা-কাপোৰৰ টোপোলাটো ৷
Moral Stories
ইমান সময়ে মোল্লাই সেই সুযোগলৈয়েই বাট চাই আছিল ৷ মানুহজনে টোপোলাটো মাটিত থৈ আৰু কিবা এষাৰ ক’বলৈ নৌপাওঁতেই চকুৰ পলকতে টোপোলাটো থাপ মাৰি লৈ মোল্লা দৌৰি পলাল ৷ মানুহজনে এতিয়া কৰে কি ? টোপোলা লৈ মোল্লাই আগে আগে দৌৰিছে , সেইটো উদ্ধাৰ কৰিবলৈ মানুহজনেও প্ৰাণটাকি দৌৰিছে তেঁওৰ পাছে পাছে ৷ কিন্তু মোল্লাচাহেব দৌৰত আছিল পাকৈত আৰু বুদ্ধিও আছে তেঁওৰ- এনে অৱস্থাত তেওঁক ধৰিবলৈ আৰু সাধ্য আছে কাৰ ৷ চাওঁতে চাওঁতে তেঁও বাট এৰি গৈ হাবিৰ মাজত সোমাই নিৰুদ্দেশ হৈ গ’ল ৷ এতিয়া তেঁওক বিচাৰি পোৱা যাব ক’ত !
মোল্লাই সেই মানুহজনক ছল কৰি তেঁওৰ টোপোলাটো লৈ উধাও হ’ল স’চা , কিন্তু কিছু সময়ৰ মুৰকতে উলটি গৈ তেঁও সেই বাটৰ মাজতে টোপোলাটো পেলাই থৈ গছৰ আঁৰত লুকাই থাকিলগৈ ৷
এইফালে মানুহজনেও দুঃখে-বেজাৰে এখোজ-দুখোজকৈ আগুৱাই আহি সেই ঠাইত হাজিৰ হ’ল ৷ তেঁও যেন অত্যন্ত দুঃখী, মনত ভীষণ বেজেৰুৱা ভাব ৷ কিন্তু হঠাৎ বাটৰ মাজত তেঁওৰ টোপোলাটো পৰি থকা দেখি তেঁওৰ
Moral Stories সূখ বিচাৰি
মনত কি যে আনন্দ হ’ল সেই আনন্দতে চিঞঁৰি উঠি তেঁও টোপোলাটোৰ ওপৰত জঁপিয়াই পৰিল ৷ তেঁও যেনিবা পুনৰ জীৱনহে লাভ কৰলে , এনে লাগিল তেঁওৰ ৷
ঠিক সেই মুহূৰ্ততে মোল্লাও ওলাই আহিল গছৰ আঁৰৰ পৰা ৷ মানুহজনৰ আগত থিয় হৈ ক’লে – ‘বুজিছা , দুখীজনক সুখৰ সন্ধান দিয়াৰ ইয়ো যে এটা উপায় হ’ব পাৰে তাৰেই প্ৰমাণ চালোঁ, নে কি কোৱা ভাই ! তুমি যাতে মোৰ কোনো দায়-দোষ নধৰা ৷’ এইবুলি মোল্লাহাবে মিচিকিয়া হাঁহি মাৰি মানুহজনৰ পৰা বিদায় লৈ নিজ বাটেৰে ৰাওনা হ’ল ৷ তাৰ পিছতহে সেই মানুহজনে বুজি পালে, আচলতে সুখ বোলা বস্তুটো কি ?
এই Moral Stories সূখ বিচাৰি কাহিনীটো ভাল লাগিলে SHARE কৰক আপোনাৰ বন্ধুলৈ |